Home বুসিনেশ তিপস ফল আৰু পাচলিৰ দোকান
ফল আৰু পাচলিৰ দোকান

ফল আৰু পাচলিৰ দোকান

by Tandava Krishna

ফল-মূল আৰু পাচলিৰ অনলাইন দোকানৰ বাবে ব্যৱসায়িক পৰিকল্পনা

মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হ’ল আমাৰ স্বাস্থ্যই পৰম ধন। যেতিয়ালৈ শৰীৰটো ভালে থাকে তেতিয়ালৈ জীৱনৰ প্ৰতিটো মূহুৰ্ত আমি উপভোগ কৰিব পাৰিম। কিন্তু বেমাৰ-আজাৰে শৰীৰৰ লগতে মনটোও জুৰুলা কৰি তোলে। আগৰ দিনত ভাল সতেজ খাদ্য খাবলৈ ইমান চিন্তা কৰিবলগীয়া নহৈছিল কাৰণ সকলোৰে ঘৰে ঘৰে খেতি-বাতিৰে নদন-বদন আছিল। বাৰীৰ শাক-পাচলি, ফল-মূল খোৱাৰ ফলত মানুহৰ বেমাৰ আজাৰো কম হৈছিল। কিন্তু দিন যোৱাৰ লগে লগে গাওৰ গেই পৰিবেশ এৰি মানুহবোৰ চহৰমুখী হল আৰু খেতি-বাতিৰ সলনি চাকৰি কৰাৰ ফলত শাৰীৰিক পৰিশ্ৰম প্ৰায় নোহোৱা হ’ল।তেল-মচলাযুক্ত খাদ্য, ফাষ্ট ফুড আদি অত্যাধিক পৰিমাণে খোৱাৰ ফলত বেমাৰ-আজাৰে সহজে আক্ৰমণ কৰা হ’ল। কংক্ৰীটৰ পৃথিৱীত বন্দী মানুহে এইবোৰৰ পৰা মুক্তি পাবলৈ পুনৰ আশ্ৰয় ললে প্ৰকৃতিৰ ওচৰত। দৈনিক ব্যায়াম, জীম লগতে পুষ্টিকৰ খাদ্য,ফল-মূল আদি খোৱাত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। সেই হিচাপে  ফল-মূলৰ চাহিদাও বজাৰত আগতকৈ বৃদ্ধি হৈছে। অকল থলুৱা ফল-মূলেই নহয় বাহিৰৰ পৰা অনা নানান ফল মূলেৰে বজাৰ গ্ৰাস কৰিছে। নানাআ অৰণৰ ৰঙ-বিৰঙী সতেজ ফলেৰে ভৰি থকা বজাৰ এখন দেখিনো কাৰ ভাল নালাগে? আমদানিকৃত ফলবোৰ নানান পদ্ধতিৰে সংৰক্ষণ কৰি বহুদিনলৈ ৰাখি থোৱাৰ ব্যৱস্থা কৰা হয় যাতে তাৰ গুণাগুণ আৰু মানদণ্ড অটুট থাকে। ফল-মূল আৰু পাচলিৰ চাহিদা দোকানবোৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

অইন সামগ্ৰীবোৰৰ যিদৰে অনলাইন ব্যৱসায় বৰ্তমান সময়ত বৃদ্ধি পাইছে ঠিক তেনেদৰে পাচলি আৰু ফলৰ অনলাইন দোকান এখনেও সমানেই গুৰুত্ব লাভ কৰিব পাৰে। পৃথিৱীৰ অন্যদেশসমূহৰ দৰে ভাৰতবৰ্ষতো এই অনলাইন পাচলি আৰু ফলৰ ব্যৱসায়ৰ ধাৰাটো আহিছে আৰু লাহে লাহে মানুহেও ইয়াক আকোৱালি লৈছে।যিমানেই মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈছে সিমানেই ফল-মূলৰ চাহিদা বাঢ়িছে। ফল-মূল আৰু পাচলিৰ অনলাইন দোকান ফ্ৰুইটবাস্কেট বুলি এটা এপ আছে যত গ্ৰাহকে নিজৰ প্ৰয়োজনীয় পাচলি আৰু ফল-মূলৰ অনলাইন অৰ্ডাৰ কৰিব পাৰে আৰু গ্ৰাহকে ঘৰতে ডেলিভাৰী লব পাৰে। ঠিক তেনেদৰে ডিজিটেল মাৰ্কেটত পাচলি আৰু ফল-মূল ভিত্তিক নানান ৱেবচাইট আৰু এপ গঢ় লৈ উঠিছে । 

আমাৰ গাৱে-ভূঞে থলুৱাভাৱে উৎপাদন হোৱা পাচলি আৰু ফল-মূলৰ পৰিমাণ বহুত বেছি। আৰু সেই ফল-মূলবোৰৰ ঔষধি গুণাগুণো প্ৰচুৰ। বহু এনেকুৱা ফল-মূল আছে যিবোৰ বেমাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ হয় কিন্তু আমাৰ মানুহে গমেই নাপায়। গাও অঞ্চলত বসবাস কৰা আৰু খেতিৰ লগত জড়িত মানুহবোৰৰ মাজত অনলাইনত পাচলি আৰু ফল-মূলৰ দোকান তথা বিক্ৰী কৰাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে বুজাব পাৰিলে তেওলোক ও এইবিষয়ে নিশ্চয়কৈ আগ্ৰহী হ’ব। বহুসময়ত আমি শুনিবলৈ পাও যে কৃষকসকলৰ উৎপাদিত সামগ্ৰী উচিত মূল্যত বিক্ৰী নোহোৱাৰ ফলত লোকচানৰ সন্মুখীন হব লগা হয়। গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত উদ্যমী যুৱক-যুৱতীয়ে অনলাইনত পাচলি আৰু ফল-মূলৰ দোকান দি ব্যৱসায় আৰম্ভ কৰিব পাৰে।

ডিজিটেল যুগৰ লগত সংগতি ৰাখি পৰম্পৰাগত ফল-মূলৰ দোকানক আৰু এখোজ আগুৱাই নি ভাৰ্চুৱেল মাধ্যমত প্ৰতিষ্ঠা কৰি সেই কৃষকসকলৰ কষ্ট আৰু ফচলখিনি প্ৰয়োজন হোৱা ব্যক্তিসমূহৰ মাজলৈ উলিয়াই নিলে অনলাইন পাচলি আৰু ফল-মূলৰ দোকানৰ ব্যৱসায়ৰ জৰিয়তে ব্যৱসায়ীয়ে যথেষ্ট লাভান্বিত হব।বহু লৰা-ছোৱালীয়ে শিক্ষা সমাপ্ত কৰি চাকৰি নোপোৱাৰ আক্ষেপ কৰে কিন্তু তেওঁলোকে যদি অলপ কষ্ট কৰি এই অনলাইন ব্যৱসায় আৰম্ভ কৰে তেনেহ’লে পাচলি আৰু ফল-মূলৰ দোকানখনে বহু মানুহৰ উপাৰ্জনৰ উৎস হৈ পৰিব। অনলাইনত পাচলি আৰু  ফল-মূলৰ দোকান আৰম্ভ কৰিবলৈ হ’লে প্ৰথমে এটি ৱেৱছাইট পঞ্জীয়ন কৰি লব লাগে।লগতে প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব পৰাকৈ মোবাইল এপ এটা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা ডেভেলপ কৰি লব লাগে।এটি আকৰ্ষণীয় ৱেৱছাইতে গ্ৰাহকক আকৃষ্ট কৰিব। 

ব্যৱসায়িক ভিত্তিক আৰম্ভ কৰা এই পাচলি আৰু ফল-মূলৰ অনলাইন দোকানৰ কাৰণে শীতল গুদাম ঘৰৰ প্ৰয়োজন হয়।কম মূলধন হাতত লৈ আৰম্ভ কৰা ব্যৱসায়ীৰ বাবে এনেকুৱা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ক্ৰয় কৰাটো সম্ভৱপৰ নহয়। গতিকে তেওঁ ওচৰৰে চিনাকি পাচলি আৰু ফল-মূলৰ দোকানৰ লগত যোগাযোগ কৰি এই অনলাইন ব্যৱসায় আৰম্ভ কৰি গ্ৰাহকৰ অৰ্ডাৰ গ্ৰহণ কৰিব পাৰে।যাৰ কাৰণে আটাইয়ে লাভান্বিত হব পাৰে।দোকানীসকলে নিজৰ দোকানত গ্ৰাহকক বিক্ৰী কৰাৰ উপৰিও অনলাইন পাচলি আৰু ফল-মূলৰ দোকানতো বিক্ৰী কৰিব পাৰিব। গতিকে যিজনে অনলাইন ব্যৱসায় আৰম্ভ কৰে তেওঁ আৰু  ফলৰ দোকানী দুয়ো এই ক্ষেত্ৰত উপাৰ্জন কৰিব পাৰিব। যোৱা কেইটামান মাহত এনেধৰণৰ এপ কেইবাটাও গঢ় লৈ উঠিছে আৰু মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়তাও লাভ কৰিছে।লকডাউনে একাংশ লোকক কৰ্মহীন আৰু সংস্থাপনহীন কৰি তুলিছে। কিন্তু তাৰ মাজৰে কিছুমানে এই পৰিস্থিতিতো হাৰ নামানি কৰ্মযুজ আৰম্ভ কৰিছে। ঘৰত বহিয়েই পাচলি আৰু ফল-মূল পাব পৰাকৈ মোবাইল এপ বনাই সামাজিক মাধ্যমত এডভাৰটাইজিং কৰিছে। বিভিন্ন হোৱাটচএপ গ্ৰুপ আৰু ফেচবুক পেজত তেওঁলোকৰ বস্তু আৰু সেৱাৰ বিষয়ে আনক অৱগত কৰাইছে যাতে আনে নিজৰ পছন্দৰ বস্তু ঘৰত বহিয়েই অৰ্ডাৰ কৰিব পাৰে। সেই সেৱা আৰম্ভ হোৱাৰ লগে লগে অনলাইন পাচলি আৰু ফল-মূলৰ দোকানত প্ৰায় যথেষ্টসংখ্যক মানুহে অৰ্ডাৰ কৰিছিল। 

অনলাইন ব্যৱসায় এতিয়া অতি লাভজনক ব্যৱসায়। বহু মানুহে বজাৰ অথবা ভীৰ থকা ঠাইত যাব নিবিচৰা হ’ল। ঘৰত বহিয়েই যেতিয়া আঙুলি টিপত আটাইবোৰ বস্তু পাব পাৰি তেনেহ’লে বাহিৰত গৈ দোকানত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই। কাপোৰ তথা লাইফষ্টাইলৰ লগত জড়িত আন বস্তুবোৰে যিদৰ গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰিছে ঠিক তেনেদৰে পাচলি আৰু ফল-মূলৰ অনলাইন ব্যৱসায়েও সমানেই জনপ্ৰিয়তা লাভ কৰিব। যিমানেই আমি জীৱনৰ মাজত ব্যস্ত হৈ গৈ আছো সিমানেই স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহি পৰিছে। এক নিৰোগী শৰীৰ পাবলৈ হলে সতেজ বস্তু খোৱাত গুৰুত্ব দিব লাগিব। মানুহৰ প্ৰয়োজআ অনুসৰি সেই বস্তুবোৰ ওপৰত গুৰত্ব আৰোপ কৰি কৰা অনলাইন ব্যৱসায় নিশ্চয়কৈ সফল হয়।

বহু ঠাইত এতিয়াও অনলাইন অৰ্ডাৰ আৰু ডেলিভাৰীৰ ব্যৱস্থা এতিয়াও হৈ উঠা নাই। আজিকালি স্মাৰ্টফোন আটাইৰে হাতে হাতে গতিকে এই অনলাইন সেৱাৰ  বিষয়ে গম পালে গ্ৰাহকসকল নিশ্চয়কৈ আকৰ্ষিত হব। সৰুকৈ অনলাইন ব্যৱসায় কৰিব খোজাসকলে এটি নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিব পাৰে আৰু লাহে লাহে যেতিয়া বেছি মানুহে এই সেৱাৰ বাবে আগ্ৰহী হয় তেতিয়া ব্যৱসায় সম্প্ৰসাৰণৰ কথা চিন্তা কৰা উচিত।অনলাইন পাচলি আৰু ফল-মূলৰ দোকানৰ এই সুবিধাই বহু নিবনুৱা লৰা-ছোৱালীৰ সংস্থাপন হৈ গঢ় লব পাৰে।পাৰ্ট টাইম কাম কৰিব খোজা যুৱক যুৱতীয়ে ডেলিভাৰীৰ কামো কৰিব পাৰে। ব্যৱসায় বঢ়াৰ লগে লগে অনলাইনত বস্তু অৰ্ডাৰ কৰা গ্ৰাহকৰ কাৰণে সামগ্ৰী পেকেট কৰা,তেওঁলোকৰ ঘৰৰ দূৰত্ব অনুযায়ী ডেলিভাৰীৰ সময় নিৰূপণ কৰা,পেমেণ্টৰ ওপৰত গুৰুত্ব দিয়া ইত্যাদি কামত জড়িত হোৱাকৈ ঢেৰ মানুহৰ প্ৰয়োজন হয়। পঞ্জীয়নকৃত এটি মোবাইল এপৰ জৰিয়তে অনলাইন পাচলি আৰু ফল-মূলৰ দোকানে থলুৱা কৃষকক সকাহ দিয়াৰ লগতে বিভিন্ন ধৰণৰ স্থানীয় ফলৰ গুণাগুণে বজাৰ দখল কৰাত সহায় কৰিব।লগতে ঔষধি গুণযুক্ত পাচলি আৰু ফল-মূলৰ অনলাইন দোকানে অকল নিজৰ ঠাইতেই সীমাবদ্ধ নাথাকি আন্তৰ্জাতিক বজাৰতো ভাল ব্যৱসায় কৰাৰ সম্ভাৱনা আছে। গতিকে অলপ সময় খৰচ কৰি আত্মনিৰ্ভৰশীল এটি ব্যৱসায়ে জীৱিকাৰ পথ মোকোলোৱাৰ লগতে অনলাইন পাচলি আৰু ফল-মূলৰ দোকানখনে অকল একেটা ঠাইৰে গ্ৰাহকক নহয় বহু দূৰ-দূৰৰ লোককো আকৰ্ষিত কৰিব। এই ব্যৱসায় পাৰস্পৰিক বিশ্বাস,উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰীৰ যোগান, গ্ৰাহকৰ প্ৰতি আনুগত্য আৰু এক মাৰ্জিত দামেহে চিৰস্থায়ী কৰিব পাৰিব।

Related Posts

Leave a Comment