Home বুসিনেশ তিপস গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱ
গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱ

গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱ

by Tandava Krishna

জি এচ টিয়ে কেনেদৰে মোৰ গেলামাল দোকানত প্ৰভাৱ পেলাব?

গেলামাল দোকান,প্ৰায় প্ৰতিটো ৰাষ্টা আৰু ঘৰৰ ওচৰত সঘনাই দেখিবলৈ পোৱা দোকানবোৰত আমাক লগা অত্যাৱশ্যকীয় সামগীবোৰ আমি কিনিবলৈ পাও। যিকোনো বস্তুৰ পেকেটৰ ওপৰত লিখা দামটোতেই পৰাপক্ষত গ্ৰাহক হিচাপে আমি কিনিব লগাত পৰে। আৰু খুব কমেইহে সেই লিখা দামৰ পৰা গ্ৰাহকক এটকা বা দুটকা কমাই দিয়া দেখা যায়। কিন্তু বেছিভাগ সময়তেই গ্ৰাহকে তাত থকা লিখিত দামতেই বস্তু কিনিবলগীয়া হয়। গেলামাল দোকানীয়ে তেওঁলোকৰ দোকানৰ বাবে লগা সামগ্ৰীসমূহ হোলছেল মাৰ্কেটৰ পৰা এটা নিৰ্দিষ্ট দামত কিনি আনে আৰু সামগ্ৰীসমূহৰ ওপৰত লিখা দামত গ্ৰাহকক বিক্ৰী কৰে। কৰ পৰিশোধ আদিৰ ক্ষেত্ৰত গেলামাল দোকানবোৰে বিশেষ আগ্ৰহ দেখুওৱা পৰিলক্ষিত নহয়। গেলামাল দোকানৰ ওপৰত এতিয়া জি এচ টি ৰ প্ৰভাৱ মন কৰিবলগীয়া।

দেশত জি এচ টি কাৰ্যকৰী হোৱাৰ লগে লগে ২০ লাখতকৈ অধিক টাৰ্ন অভাৰ থকা গেলামাল দোকানবোৰে ৰেজিষ্ট্ৰেচন  কৰাটো প্ৰয়োজনীয়। জি এচ টি প্ৰণালীয়ে সমগ্ৰ দেশতে এক কৰৰ ব্যৱস্থা সংযোজন কৰিছে। দোকানত সামগ্ৰী বিক্ৰীৰ লগে লগে ৰিচিপ অনলাইন ব্যৱস্থাযোগে আপলোড কৰাৰ নিয়ম থকাৰ কথাও বিশেষজ্ঞসকলে মত পোষণ কৰে।জি এচ টিৰ ব্যৱহাৰৰ ফলত কৰ ফাঁকি দিয়াটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিব। এয়াও কোৱা হৈছে যে প্ৰতিখন দোকানৰ দোকানীৰ নামত পঞ্জীয়নভূক্ত এটি নম্বৰ থাকিব আৰু এই নম্বৰটো জি এচ টিৰ ডাটাবেচত অন্তৰ্ভুক্ত কৰিব লাগিব যাতে প্ৰতিটো সামগ্ৰীৰ বিক্ৰী আৰু কিনাৰ প্ৰকৃত তথ্য তাত গম পোৱা যায়। গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱে দোকানীসকলৰ মাজত এক শংকাৰ সৃষ্টি কৰিছে।

জি এচ টিৰ বিষয়ে চিন্তা-চৰ্চা আমাৰ দেশত নতুন নহয়। বিগত ২০০০ চনতেই প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতএই বিষয়ে আলোচনা আৰু চিন্তা-চৰ্চা আৰম্ভ হৈছিল যদিও ২০১৭ চনতহে দেশত কৰৰ ক্ষেত্ৰত এক সবল স্থিতি লোৱা দেখা যায়। বিভিন্ন ঠাইৰ পৰা সামগ্ৰী ক্ৰয় কৰি নানান পৰ্য্যায়ৰ মাজেৰে যেতিয়া এজন গেলামাল দোকানীয়ে নিজৰ দোকানৰ কাৰণে বস্তু আনে তেওঁ বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন পৰ্যায়ত নানান কৰ পৰিশোধ কৰিব লগা হয়। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ অধীনস্থ নানান বিভাগৰ কৰ পৃথক পৃথককৈ পৰিশোধ কৰাৰ ফলত তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰা দামটোত প্ৰভাৱ পৰে। তাৰোপৰি সেই বৰ্ধিত দামৰ বোজা কঢ়িয়াব লগা হয় গ্ৰাহকেও। জি এচ টিৰ প্ৰভাৱ গেলামাল দোকানৰ ওপৰত পৰিলেও  এই ব্যৱস্থাই অন্ততঃ ১৭ বিধ   কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ নিৰ্মূল কৰিব।

এখন গেলামাল দোকানৰ ওপৰত জি এচ টিয়ে কিমান প্ৰভাৱ পেলাব সেইয়া সময়ে কব কিন্তু এইটো ঠিক যে তেওঁ কৰ ফাকি দি গ্ৰাহকৰ পৰা অধিক দাম আদায় কৰিব নোৱাৰিব। লগতে এইটোও ভাল কথা যে দোকানীসকলেও আগৰ দৰে কতো বাৰে বাৰে কৰ দি থাকিব নালাগে।বিভিন্ন পৰ্য্যায়ত ক’ত কঢত কি কি কৰ দিব লগা হয় সেইয়া চাগে তেওঁলোকেও ভালদৰে গম নাপায়। গতিকে আটাইবোৰৰ কৰৰ পৰিৱৰ্তে যদি অকল এবিধ কৰেই তেওঁলোকে পৰিশোধ কৰিব লাগে সেইয়া চাব গলে তেওঁলোকৰ কাৰণে একপ্ৰকাৰ সুবিধাই হয়। কিন্তু তাৰ সলনি তেওঁলোকে গ্ৰাহকক ৰিচিপ নিদিয়া অথবা দামৰ তাৰতম্য ঘটোৱা ইত্যাদি কাম কৰিব নোৱাৰা হব যাৰ বাবে কৰ ফাকি দিয়াতো প্ৰায় অসম্ভৱ।

এজন সৰু ব্যৱসায়ীয়ে দোকান এখন ভাড়া লৈ কেইটামান বস্তু দোকানত ৰাখিয়ে প্ৰথম তেওঁৰ ব্যৱসায় আৰম্ভ কৰে। তেনেকুৱা সৰু দোকানবোৰ প্ৰায়ে দোকানীজনৰ পৰিয়ালকেন্দ্ৰীক ব্যৱসায় হয় আৰু বাহিৰা মানুহ নিয়োগ কৰি পৰিয়ালৰ সদস্য সকলৰ দ্বাৰাই দোকানখন চলোৱাত আত্মনিয়োগ কৰে। গেলামাল দোকানবোৰৰ অৱস্থিতিও তেওঁলোকৰ নিজৰ ঘৰৰ ওচৰে – পাজৰে বা ৰাষ্টাৰ ওচৰতে হয় যাৰ সৰহসংখ্যক গ্ৰাহক প্ৰায়ে তেওঁলোকৰ চিনাকী আৰু ওচৰ- চুবুৰীয়াই হয়। গতিকে ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে তেওঁলোকে তাত কৰা বিক্ৰীৰ পৰিমাণটো কতো নেদেখুৱাই আৰু কোনোধৰণৰ চালান বা ৰচিদৰ ব্যৱস্থাও নকৰে। বহ দোকান জি এচ টি অহাৰ আগলৈকে পঞ্জীয়নভূক্তও নাছিল। গতিকে গেলামাল দোকানৰ ওপৰত জি এচ টিয়ে নিশ্চয়কৈ প্ৰভাৱ পেলাইছে। গ্ৰাহকক ৰচিদ নিদিয়া অথবা কৰ ফাঁকি দিয়া আদি কামবোৰ জি এচ টিৰ প্ৰচলনে কমাব পাৰিব।

এইক্ষেত্ৰত ক্ষুদ্ৰ গেলামাল দোকানীসকলে মতামত পোষণ কৰে যে তেওঁলোকে ইমানদিনে  নিজৰ ব্যৱসায় এনেদৰেই সুন্দৰকৈ চলাই লৈ গৈ আছিল কাৰণ তেনেকুৱা সৰু গেলামাল দোকানবোৰত জি এচ টি পৰিশোধ কৰাৰ কোনো কাৰণ নাই কাৰণ তেওঁলোকে হোলচেল দোকানৰ পৰা বস্তু আনি খুচুৰা বজাৰত বিক্ৰী কৰি আছে। যিকোনো কৰ তেওঁলোকে বস্তু কিনাৰ সময়ত ইতিমধ্যে পৰিশোধ কৰিছে। গতিকে পুনৰ এই জি এচ টিয়ে গেলামাল দোকানৰ ব্যৱসায়ীৰ মনত এক দ্বিধাৰ সৃষ্টি কৰিছে।

২০১৭ চনত যেতিয়া প্ৰথমবাৰ দেশৰ অৰ্থনীতিত জি এচ টি সংযোজন কৰা হৈছিল তেতিয়া ব্যৱসায়ীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিব পোৱা গৈছিল। কাৰণ দোকানৰ কাৰণে পঞ্জীয়ন কৰি পঞ্জীয়ন নম্বৰ লোৱা, ৰচিদ দিয়া, মাহিলী ৰিটাৰ্ণ বনোৱা ইত্যাদি ঢেৰ নতুন কাম তেওঁলোকৰ কাৰণে আহি পৰিছিল। বহুতো দোকানীয়ে দোকানৰ পুৰণি ষ্টক খালী কৰিবলৈ বস্তু ডিচকাউণ্ট দি হ’লেও বিক্ৰী কৰিছিল কাৰণ তাৰ পিছত কোম্পানীসমূহে নতুন নিৰিখত বস্তুৰ দাম ধাৰ্য্য কৰি প্ৰিণ্ট কৰা আৰম্ভ কৰিছিল। গতিকে এই পৰিৱৰ্তিত কৰে গেলামাল দোকানৰ ওপৰতো জি এচ টিৰ প্ৰভাৱ পেলাব সক্ষম হৈছিল। 

দৰাচলতে আমি চাব যাও যদি ডাঙৰ ব্যৱসায়ীসকলে কোম্পানীসমূহৰ পৰা সামগ্ৰী কয় কৰা সময়ত আগতেই সকলো ধৰণৰ কৰ পৰিশোধ কৰে। গতিকে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ নামত ইতিমধ্যেই কৰ পৰিশোধ কৰা হৈয়ে যায়। তেওঁলোকে নিজৰ গেলামাল দোকানৰ কাৰণে বস্তু কিনোতে মাত্ৰ এবাৰতেই সেই ধন পৰিশোধ কৰিলেই হৈ যায়। এই বিষয়ত ডাঙৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত মনোমালিন্য হোৱাৰো অৱকাশ থাকে কাৰণ তেওঁলোকে আগতীয়াকৈ সেই কৰৰ ধন ক্ষুদ্ৰ ব্যৱসায়ীৰ হকে পৰিশোধ কৰে। তথাপি যিয়েই নহওক, এখন দেশ এক কৰৰ এই ব্যৱস্থাই বহু ক্ষেত্ৰত ব্যৱসায়ীসকলক সকাহ দিব।

আনহাতে, কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্চৰ মতে স্থানীয় গেলামাল দোকানীসকলে জি এচ টি লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই । কাৰণ বেছিভাগ খুচুৰা গেলামাল ব্যৱসায়ীৰ টাৰ্ণ ওভাৰ ২০ লাখতকৈ কম আৰু এই নতুন কৰৰ আওতালৈ তেওঁলোক নাহে। তেওঁলোকৰ এই সৰু সৰু ব্যৱসায়বোৰত দোকানৰ কাৰণে বস্তু কিনি আনি আকৌ লগে লগে সেইয়া বিক্ৰী কৰা ধনেৰেই ঘৰ চলাই আছে । তাৰ ওপৰিও চৰকাৰৰ নানা আচনিৰ জৰিয়তেও তেওঁলোকে লাভান্বিত হব পাৰে। গতিকে অনাহকত বেছিকৈ শংকিত হোৱাৰ পৰিৱৰ্তে গেলামাল দোকানীসকলে জি এচ টিৰ প্ৰভাৱ সম্পৰ্কে ভালদৰে বুজি লোৱাটোহে উচিত।

কিন্তু সাম্প্ৰতিক পৰিস্থিতিত লকডাউন, কোৰোণা,সকলোপিনে দুঃসময় এইবোৰে জুৰুলা কৰিছে আৰু সকলোৰে জীৱনলৈ অনিশ্চয়তা নমাই আনিছে। বিগত পাচ-ছমাহ ধৰি চলি থকা মহামাৰী আৰু লকডাউনৰ মাজত জীৱন নিবাহ কৰাটো অতি কঠিন হৈ পৰিছে। ঘৰৰ ওচৰতে সৰুকৈ গেলামাল দোকান এখন দি চলি থকা দোকান এখনৰ কথা যদি আমি ভাবো তেনেহ’লে নিশ্চয়কৈ এই দুঃসময়ত বুজিব লাগিব যে তেওঁলোকৰ জীৱন নিৰ্বাহ অতি শোচনীয় হৈ পৰিছে।  অকল ক্ষুদ্ৰ গেলামাল দোকানীয়েই নহয়, বৃহৎ ব্যৱসায়ীসকলৰো একেই অৱস্থা হৈছে। জি এচ টিৰ ব্যৱহাৰে এক সমানতা সকলোতে আনি দিছিল যদিও দেশৰ অৰ্থনীতি বৰ্তমান পৰিপ্ৰেক্ষিতত এক অতি চিন্তনীয় বিষয় হৈ পৰিছে। এই অৱনমিত অৰ্থনীতি পুনৰাই ঠন ধৰি উঠিবলৈ হ’লে প্ৰতিজন ব্যৱসায়ী জি এচ টিৰ নামত নিৰ্দিষ্ট কৰ পৰিশোধ কৰি দেশৰ অৰ্থনীতিত সহায় কৰিব লাগিব। গেলামাল দোকানীসকলেও প্ৰতিটো বস্তুৰ জি এচ টি  পৰিশোধ কৰি আগৰ দৰেই নিজৰ ব্যৱসায় – বাণিজ্য চলাই নি নিজৰ পৰিয়ালৰ লগতে নিজৰ দেশখনকো আগুৱাই নিব লাগিব।

এখন দেশ এক কৰৰ আদৰ্শৰে প্ৰচলন কৰা এই কৰে দেশৰ সামগ্ৰিক অৰ্থনীতিৰ কাৰণে এক আশীৰ্বাদস্বৰূপ হৈ এই দুঃসময়ৰ নিম্নগামীক অৰ্থনীতিক সৱলভাৱে ডাঙি ধৰাত সহায় হওক। দেশৰ গেলামাল দোকানীসমূহেও জি এচ টিৰ প্ৰভাৱেৰে সঠিক কৰ পৰিশোধ কৰি পুনৰ আগৰ দৰেই ব্যৱসায় চলাই নি আগবাঢ়ি যোৱাটোহে কথা।

Related Posts

Leave a Comment